Ganesh Chaturthi will be celebrated across the country tomorrow|| | জীৱন শৈলী

Date:

- Advertisement -


Last Updated:

জ্যোতিষী সত্যজিৎ শৰ্মাই জানিবলৈ দিয়া অনুসৰি গণেশৰ মূৰ্তি স্থাপনৰ বাবে আটাইতকৈ শুভ সময় দুপৰীয়া। লোক বিশ্বাস অনুসৰি এই সময়তে ভগৱান গণেশৰ জন্ম হৈছিল।

কাইলৈ গণেশ চতুৰ্থী কাইলৈ গণেশ চতুৰ্থী 
কাইলৈ গণেশ চতুৰ্থী 

প্ৰতিবছৰে সিদ্ধিবিনায়ক গণেশৰ জন্ম বাৰ্ষিকী গণেশ চতুৰ্থী উৎসৱ হিচাপে অতি উৎসাহ আৰু আড়ম্বৰেৰে পালন কৰা হয়। ভিন্ন স্থানত এই উৎসৱ ১০ দিন ধৰি উদযাপন কৰা হয়। ভগৱান গণেশৰ মূৰ্তি স্থাপনৰ পৰা এই উৎসৱ আৰম্ব হয়। এই সময়ত ভক্তসকলে ভগৱান গণেশক নিজৰ ঘৰলৈ আনি যথাযথভাৱে পূজা কৰে। এইবাৰো কাইলৈ দেশজুৰি উদযাপন কৰা হ’ব গণেশ চতুৰ্থী। হিন্দু পঞ্জিকা অনুসৰি গণেশ চতুৰ্থীৰ শুভ মুহূৰ্ত ২৬ আগষ্টৰ নিশা ১:৫৪ বজাৰ পৰা আৰম্ভ হৈ ২৭ আগষ্টৰ নিশা ৩:৪৪ বজাত অন্ত পৰিব।

জ্যোতিষী সত্যজিৎ শৰ্মাই জানিবলৈ দিয়া অনুসৰি গণেশৰ মূৰ্তি স্থাপনৰ বাবে আটাইতকৈ শুভ সময় দুপৰীয়া। লোকবিশ্বাস অনুসৰি এই সময়তে ভগৱান গণেশৰ জন্ম হৈছিল। আনহাতে কাইলৈ গণেশ পূজাৰ বাবে শুভ সময় পুৱা ১১:০৫ বজাৰ পৰা নিশা ০১:৪০ বজালৈ। জ্যোতিষীগৰাকীয়ে জনোৱা মতে গণেশ মূৰ্ত্তি স্থাপনৰ বাবে বহু নীতি নিয়ম মানি চলিব লাগে। তদুপৰি গণেশক স্থাপনৰ মূহুৰ্তত কৰা হয় বিশেষ পূজা বিধি।

গণেশ মূৰ্তি ঘৰলৈ অনাৰ পূৰ্বে পূজাস্থলী ভালদৰে পৰিষ্কাৰ কৰি ফুল তথা অন্যান্য সামগ্ৰীৰে সজাই ল’ব লাগে। সজাই পৰাই লোৱা বেদীত শুভ সময়ত ভগৱান গণেশৰ মূৰ্তি স্থাপন কৰিব। বেদীৰ ওপৰত ৰঙা বা হালধীয়া ৰঙৰ কাপোৰ মেলি দিব। পূজা আৰম্ভ কৰাৰ আগতে হাতত পানী, ফুল লৈ পূজাৰ প্ৰতিজ্ঞা লৈ প্ৰথমে ‘অম গণ গণপতায়ে নম’ মন্ত্ৰ জপ কৰি ভগৱান গণেশক আমন্ত্ৰণ কৰিব। পঞ্চমৃতৰে ভগৱান গণেশৰ মূৰ্তিৰ স্নান কৰি তেওঁক নতুন কাপোৰ আৰু গহনা পিন্ধাই দিব। ইয়াৰ পিছতে গণেশক তেওঁৰ প্ৰিয় খাদ্য মোডক আৰু লাডু আগবঢ়াই গণেশৰ আৰতি কৰিব।

অসমৰ বাতৰি/ খবৰ/জীৱন শৈলী/

Ganesh Chaturthi 2025: গণেশ চতুৰ্থীত গণেশৰ মূৰ্তি স্থাপনৰ আটাইতকৈ শুভ সময় কেতিয়া? কেতিয়া আৰম্ভ হ’ব শুভ মুহূৰ্ত



Source link

- Advertisement -

Top Selling Gadgets

LEAVE A REPLY

Please enter your comment!
Please enter your name here

twelve − 5 =

Share post:

Subscribe

Popular

More like this
Related

Top Selling Gadgets